Saturday, August 20, 2011

‘ভালে আছো’ বুলি ক’লে ভূপেনদাই

Aug 3 , 2011 , Thesundayindian.com
গণশিল্পী ড ভূপেণ হাজৰিকাৰ স্থাস্থ্যৰ পূবর্তকৈ আজি অধিক উন্নতি ঘটিছে৷ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পাতালত চিকিত্সাধীন হৈ থকা বৰেণ্য শিল্পীগৰাকী এতিয়াও ভেণ্টিলেটৰ ব্যবস্থাৰে কৃত্রিম শ্বাস-প্রশ্বাস দি থকা হৈছে যদিও তেঁও আজি দিনটোৰ অধিকতৰ সময় স্বাভাবিক প্রক্রিয়াৰেই শ্বাস-প্রশ্বাস গ্রহন কৰে৷ আটাইকৈ ভাল খবৰটো হ’ল তেঁও আজি প্রথমবাৰৰ বাবে ‘ভালে আছে’ বুলি গুণমুগ্ধক মাত দিয়ে৷ উল্লেখ্যযোগ্য যে কালি নিশা তেঁওৰ ডিঙিৰ ঘটিকাৰ তলত কণ্ঠ নলীয়ে কষ্ট নোপোবাকৈ এটা ছিদ্রৰ দ্বাৰা চিকিত্সকে ‘ট্রেকিয়াষ্টমী’ ব্যবস্থাৰ দ্বাৰা চিকিত্সা পদ্ধতি আৰম্ভ কৰিছে৷ এই ব্যবস্থাৰে এতিয়াৰে পৰা ভেণ্টিলেটৰ প্রয়োগ কৰা হৈছিল, সেয়া দীঘর্কালীন হ’লে সংক্রমণ হোবাৰ আশংকাতেই ‘ট্রেকিয়াষ্টমী’ ব্যবস্থাৰ প্রয়োগ কৰা হৈছে৷