Tuesday, December 20, 2011

লুইতৰ পৰা মিচিচিপি, ভল্গালৈ যাযাবৰী ভূপেনদা

আফ্রিকাৰ কপাহখেতিত ব্যস্ত নিগ্রো ল’ৰাজনৰ পৰা আৰম্ভ কৰি কপিলীপৰীয়া কৃষক ৰাইজৰ কথা অনবৰতে চিন্তা কৰা ‘উৰণীয়া মৌ’ ড0 ভূপেন হাজৰিকাৰ জীৱন পৰিক্রমা বর্ণাঢ্য যাযাবৰী অভিজ্ঞতাৰে পূর্ণ৷

দুলাল মিশ্র | Issue Dated: নৱেম্বৰ 15, 2011, thesundayindian.com
মই আহিছো, মই আহিছো...
1926 চনৰ 8 ছেপ্তেম্বৰ৷ সেই দিনটোতে শদিয়াৰ এখন ভিতৰুৱা গাঁৱত পিতৃ নীলকান্ত হাজৰিকা আৰু মাতৃ শান্তিপ্রিয়া হাজৰিকাৰ ঘৰত জন্ম হৈছিল এটি দেৱ শিশুৰ৷ হাজৰিকা পৰিয়ালৰ দহটি সন্তানৰ ভিতৰত জ্যেষ্ঠ সেই দেৱশিশুটো আন কোনো নাছিল তেওঁ আছিল জীৱন্ত কিংবদন্তী ভূপেন হাজৰিকা৷ বানে ধোৱা শদিয়াত কঠোৰ জীৱন সংগ্রামৰ মাজেৰে হাজৰিকা পৰিয়ালে সেই দেৱশিশুটোক ডাঙৰ-দীঘল কৰিবলৈ যত্নপৰ হৈ পৰিছিল৷ কিন্তু হেন সময়তে সেই দেৱশিশুটোৰ জীৱনলৈ নামি আহিছিল এক ভয়ংকৰ বিপদ৷ সাতমহীয়া দেৱশিশুটো হঠাতে এদিন পিতৃ-মাতৃৰ পৰা বিচিছন্ন হৈ পৰিছিল... মৰম লগা দেৱশিশুটোক কেইজনীমান আদি যুৱতীয়ে মৰমতে পাহাৰলৈ লৈ গৈছিল৷ তাৰপিচত?
কেঁচা সৰলৰে পাত সেউজীয়া, আমাৰ আহত জুপি সেই বৰণীয়া...
সাতমহীয়া দেৱশিশুটোক এদিন মৰম কৰাৰ চলেৰে কেইগৰাকীমান আদি মহিলাই পাহাৰলৈ লৈ গৈছিল৷ আদি মহিলাসকলে তেওঁলোকৰ আত্মীয়ৰ স্তন পান কৰোৱাই শিশুটিক কেইবাদিনলৈ জীয়াই ৰাখিছিল৷ অৱশেষত যেনিবা হাজৰিকা পৰিয়ালে শিশু ভূপেনক আদি মহিলাসকলৰ ওচৰৰ পৰা ঘূৰাই আনিবলৈ সক্ষম হৈছিল৷ সৰুতে আদি মহিলাৰ স্তন পান কৰাৰ বাবেই হয়তো পৰৱর্তী সময়ত ভূপেন হাজৰিকাৰ মনত পাহাৰ ভৈয়ামৰ মিলনৰ কথাই বাৰুকৈয়ে আমনি কৰিছিল৷ ইয়াৰ বাবেই হয়তো তেওঁ লিখি গৈছিল লিয়েন মাকাও..., আমি সাতভনী আছিলো আদি পাহাৰ ভৈয়ামৰ মিলন ঘটাব পৰা গীতবোৰ৷
শৈশৱতে এখন দুখন গীতৰ সভাত গাই...
চনটো আছিল 1930৷ তেতিয়া ভূপেন হাজৰিকা তেনেই সৰু৷ বানে ধোৱা শদিয়াৰ পৰা আহি তেওঁ তেতিয়া থিতাপি লৈছিল গুৱাহাটীত৷ এদিন কটন কলেজিয়েট হাইস্কুলৰ ছাত্রসভাত মাক-দেউতাকে শিকাই দিয়া এটি গীত শিশু ভূপেনে অতি সুন্দৰভাৱে পৰিৱেশন কৰিছিল৷ সেই অনুষ্ঠানত উপস্থিত আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ বেজবৰুৱাই মঞ্চলৈ উঠি গৈ শিশু ভূপেনক আৰু মৰমেৰে চুমা খাই সাবটি ধৰিছিল৷ সেই আশীর্বাদেই যেন ভূপেন হাজৰিকাৰ বাবে এক মহা অস্ত্র হৈ পৰিল৷ বেজবৰুৱাৰ আশীষ ধন্য শিশু ভূপেনে 1936 চনত সৌভাগ্যবশতঃ জ্যোতিপ্রসাদ আগৰাৱালা আৰু বিষ্ণুপ্রসাদ ৰাভাৰ সান্নিধ্যলৈ আহে৷ তেওঁলোকৰ সান্নিধ্য লাভ কৰি ভূপেন হাজৰিকাই বিষ্ণু ৰাভাই ৰচনা কৰা কাষতে কলচি লৈ যায় অৰচকি বাইআৰু উলাহতে নাচি-বাগি হলি বিয়াকুলশীর্ষক গীত দুটি কলকাতাৰ চেনোলা কোম্পানীৰ বাবে বাণীবদ্ধ কৰে৷ অতি কম বয়সতে এনে এটি প্রখ্যাত কোম্পানীৰ বাবে বাণীবদ্ধ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছিল ভূপেন হাজৰিকা৷ তাৰ এবছৰ পিচতে অর্থাৎ 1937 চনত গীতিকাৰ হিচাবে অসমে আৱিষ্কাৰ কৰিলে ড0 ভূপেন হাজৰিকাক৷ সেই চনতেই ভূপেন হাজৰিকাই তেওঁৰ জীৱনৰ প্রথমটো গীত কুসুম্বৰ পুত্র শ্রীশংকৰ গুৰুৱে ধৰিছিল নামৰে তনুûনামৰে সুৰতে আনন্দত নাচিছিল পবিত্র বৰদোৱা পবিত্র থানûমোৰ গুৰু ঐ, পবিত্র বৰদোৱা থানশীর্ষক গীতটো ৰচনা কৰে৷
বিশ্ববিজয়ী নৱ জোৱান...
1939 চন৷ ভূপেন হাজৰিকাৰ বিশ্ব বিজয়ৰ যাত্রাপথ যেন সুগম হৈছিল এই চনটোতে৷ ভূপেন হাজৰিকা তেতিয়া তেনেই সৰু, তথাপি তেওঁ জ্যোতিপ্রসাদ আগৰৱালাৰ দ্বিতীয়খন চলচিচত্র ইন্দ্রমালতীৰ বিশ্ববিজয়ী নৱ জোৱান গীতটোৰ দৃশ্যাংশত অভিনয় কৰি সকলোকে আপ্লুত কৰে৷ জ্যোতিপ্রসাদৰ স্নেহধাৰাই যেন ভূপেন হাজৰিকাৰ অন্তৰত বোৱাই দিছিল প্রেৰণাৰ অমলধাৰা৷
...যৌৱন বাসনাৰ ৰিক্ত উপকূল...
ভূপেন হাজৰিকাৰ দেহত তেতিয়া যৌৱনৰ বা লাগিছে৷ 1940 চনৰ কথা এয়া৷ তেজপুৰ হাইসুকলৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ ভূপেন হাজৰিকাই নামভর্তি কৰিছিল কটন মহাবিদ্যালয়ত৷ পঢ়া-শুনাৰ লগতে সমান্তৰালভাৱে চলিছিল সংস্কৃতিৰ সাধনাও৷
কাশী অভিমুখে যাত্রা
1942 চনত কটন কলেজৰ পৰা আই এ পৰীক্ষাত উত্তীর্ণ হৈ উচচ শিক্ষা গ্রহণৰ বাবে ভূপেন হাজৰিকাই যাত্রা কৰিছিল দেশৰ ধর্মীয় পীঠস্থান স্বৰূপ কাশীলৈ৷ তাত তেওঁ কাশী বিশ্ববিদ্যালয়ত নামভর্তি কৰিছিল আৰু 1944 চনত ৰাজনীতি বিজ্ঞান বিষয়ত সন্মানসহ বি এ পৰীক্ষাত উত্তীর্ণ হৈছিল৷ 1946 চনত একেখন বিশ্ববিদ্যালয়ৰ পৰা ভূপেন হাজৰিকাই এম এ পৰীক্ষাতো উত্তীর্ণ হৈছিল৷ সংগীতৰ নিচাত অনবৰতে আচছন্ন হৈ থকা ভূপেন হাজৰিকাই তেতিয়াও অৱশ্যে অব্যাহত ৰাখিছিল সংগীতৰ সাধনা৷
গুৱাহাটীলৈ প্রত্যাৱর্তন
1947 চনত সংগীত বলিয়া ভূপেন হাজৰিকা গুৱাহাটীলৈ উভতি আহিছিল৷ সেই সময়ত ভূপেন হাজৰিকাৰ সমুখত বহু প্রত্যাহ্বান৷ বিশেষকৈ জীৱন-জীৱিকাৰ প্রশ্নই বাৰুকৈয়ে দোলা দি গৈছিল৷ সেয়ে জীৱিকা নির্বাহৰ স্বার্থতে তেওঁ সেই বছৰতে গুৱাহাটীৰ বি বৰুৱা কলেজত অধ্যাপক হিচাবে যোগদান কৰিছিল৷ অৱশ্যে সংগীতৰ মোহত আচছন্ন ভূপেন হাজৰিকাই বেছিদিনলৈ শিক্ষকতাৰ চাকৰি কৰি থাকিব নোৱাৰিলে৷ মাত্র ছমাহ শিক্ষকতা কৰিয়েই তেওঁ 1948 চনত গুৱাহাটী-শ্বিলং, অনাতাঁৰ কেন্দ্রত (গুৱাহাটী শাখাত) অনুষ্ঠান সহকাৰী বিষয়া হিচাবে যোগদান কৰে৷ ইয়াৰ মাজতে তেওঁ চিৰাজ ছবিখনৰ বাবেও সহকাৰী সংগীত পৰিচালক হিচাবে কার্যনির্বাহ কৰে৷ সতী বেউলা নামৰ সুণীল বন্দোপাধ্যায়ে পৰিচালনা কৰা ছবিখনত ভূপেন হাজৰিকাই পৰৱর্তী সময়ত স্বাধীনভাৱে সংগীত পৰিচালনা কৰাৰ দায়িত্ব লয়৷
মই এটি যাযাবৰ, মই এটি যাযাবৰ...
অসাধাৰণ প্রতিভাসম্পন্ন শিল্পী ভূপেন হাজৰিকাৰ সমগ্র জীৱন পৰিক্রমাতেই লুকাই আছে এক যাযাবৰী চৰিত্র৷ এনে যাযাবৰী মনোভাবৰ বাবে 1949 চনত ভূপেন হাজৰিকাই ৰেডিঅৰ চাকৰি বাদ দি আমেৰিকালৈ যাত্রা কৰে সংস্কৃতি বিষয়ত গৱেষণা কৰিবলৈ৷ এই গৱেষণাৰ বাবে তেওঁ লাভ কৰিছিল চৰকাৰী জলপানিও৷
কি যে তোমাৰ সংগ প্রিয়া...
চনটো আছিল 1950¼ প্রকৃতিৰ ধবংসলীলাই তেতিয়া অসমখনক জোকাৰি গৈছিল৷ বৰভূঁইকপৰ প্রভাৱত ভূপেন হাজৰিকাৰ জন্ম গাঁওখন লুইতত লীন গৈছিল৷ সেইসময়তে অর্থাৎ 1950 চনৰ 1 আগষ্টৰ দিনা ভূপেন হাজৰিকাও লীন গৈছিল এগৰাকী প্রৱাসী ভাৰতীয় যুৱতীৰ হৃদয়ত৷ কি যে এক প্রাপ্তি বিষাদৰ খণ্ডচিত্র৷ সেই দিনটোত ভূপেন হাজৰিকাই আমেৰিকাৰ এখন আদালতত আফ্রিকা প্রবাসী বিখ্যাত গুজৰাটী পৰিয়াল এটাৰ কন্যা প্রিয়ম্বদা পেটেলৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ ইপিনে প্রিয়াৰ প্রাপ্তি আৰু আনপিনে জন্মভূমি শদিয়াৰ গাঁওখন লুইতত লীন যোৱাৰ বাতৰি৷ এনে দুটা পৰস্পৰবিৰোধী ঘটনাৰ মাজত ভূপেন হাজৰিকাৰ মন হৈ পৰিছিল বতাহত হালিজালি থকা কহুঁৱা বনৰ দৰেই অশান্ত৷
সাগৰ সংগমত কতনা সাঁতুৰিলো...
1952 চন৷ ভূপেন হাজৰিকাই কুইন এলিজাবেথ নামৰ জাহাজখনেৰে আটলাণ্টিকৰ বিশাল বুকুৰে নিউয়র্কৰ পৰা ছাউডাম্পটনলৈ আহি আছিল৷ আটলাণ্টিক মহাসাগৰৰ অপৰূপ শোভাই ভূপেন হাজৰিকাৰ মনত আবেগ আৰু কল্পনাৰ লহৰ তুলিছিল৷ জাহাজৰ ওপৰতে কাগজ কলম লৈ ভূপেন হাজৰিকা ব্যস্ত হৈ পৰিছিল এটা গীতৰ খচৰা প্রস্তুত কৰা কামত৷ সেই গীতটো আছিল সাগৰ সংগমত কতনা সাঁতুৰিলো.. তথাপিতো হোৱা নাই ক্লান্ত৷ গীতটো জাহাজৰ ওপৰতে তেওঁ সম্পূর্ণ কৰিব পৰা নাছিল৷ পিচত গুৱাহাটীলৈ উভতি আহি উজানবজাৰৰ লুইতৰ পাৰত বহি তেওঁ সেই গীতটো সম্পূর্ণ কৰিছিল৷ ভূপেন হাজৰিকাৰ মতে লুইতখনেই তেওঁৰ বাবে এখন বিশাল সাগৰ৷ লুইতক লৈ তেওঁ যে কি সৃষ্টি কৰা নাই! বিস্তীর্ণ পাৰৰে গীতটোৰ পৰা আৰম্ভ কৰি মাণ্ডি হাউছৰ লোহিত কিনাৰে ধাৰাবাহিকলৈ বহু সৃষ্টিয়েই কৰিছিল৷
বিদেশত বিৰল সন্মান
যাযাবৰী ভূপেন হাজৰিকা৷ যতেই মন যায় ততেই ৰৈ যায় তেওঁ৷ যি কৰিবলৈ বিচাৰে তাকে কৰি দেখুৱায় তেওঁ৷ নিউয়র্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ত সংগীতৰ সাধনাৰ লগতে তেওঁ কৰি গৈছিল গণসংযোগ বিষয়ত গৱেষণা৷ এই গৱেষণাৰ বাবে তেওঁলৈ আগবঢ়োৱা হৈছিল সন্মানীয় ডক্টৰেট ডিগ্রী৷ তেওঁৰ গৱেষণাৰ বিষয় আছিল ৰোল অব৲ মাছ কমিউনিকেশ্যন ইন ইণ্ডিয়াজ এডাল্ট এডুকেশ্যন৷ একেদৰে চলচিচত্র মাধ্যমেৰে শিক্ষা আঁচনি বিকাশৰ ব্যৱহাৰ সম্পর্কে কৰা অধ্যয়নৰ বাবে চিকাগো বিশ্ববিদ্যালয়ে তেওঁৰ প্রতি আগবঢ়াইছিল লিজ৲লে সন্মান৷ আমেৰিকাত থকা সময়ছোৱাত ড0 ভূপেন হাজৰিকাই বিশ্বৰ বহু ঠাই ঘূৰি পকি অভিজ্ঞতাৰ বৰপেৰাটো টনকিয়াল কৰি তুলিছিল৷ সেই সময়ছোৱাতে তেওঁ অসমীয়া জাতিৰ জীৱনৰেখা বুলি কোৱা লুইতখনক মিছিছিপিৰ সৈতে ৰিজাই চাইছিল, ভল্গা আৰু টেম৲ছৰ সৈতেও ৰিজাই চাইছিল৷ তেওঁৰ দৃষ্টিত অৱশ্যে লুইততকৈ প্রাণৱন্ত নদী হয়তো কোনোখনেই নাছিল৷ আজি সেই মহাবাহুৰ পাৰতেই ড0 ভূপেন হাজৰিকা পঞ্চভূতত বিলীন হৈ গল৷ বৰলুইতে দুবাহু মেলি তেওঁক যেন আকোঁৱালি ললে৷
অসম আমাৰ ৰূপহী গুণৰ নাই শেষ ...
আকৌ যাযাবৰী ভূপেন হাজৰিকাৰ জীৱন পৰিক্রমাৰ কথা৷ লোহিতৰ বহল পাৰত প্রণিপাত কৰা শৰৎ নিশা তৰাই কেশ সজোৱা ৰূপহী অসম ভূমিলৈ ভূপেন হাজৰিকা উভতি আহিল 1953 চনত৷ প্রথমে বিদেশ তাৰপাচত বোম্বেৰ পৰা গুৱাহাটীলৈ ঘূৰি আহি ড0 ভূপেন হাজৰিকাই হেমাংগ বিশ্বাস, নগেন কাকতি আদিৰ দৰে ব্যক্তিসকলৰ লগ লাগি ভাৰতীয় গণনাট্য সংঘৰ সৈতে নিজকে জড়িত কৰিলে৷
সমালোচনাৰ অগনিৰে পুৰি...
1954 চন৷ ড0 হাজৰিকা তেতিয়া গৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ প্রবক্তা হিচাবে যোগদান কৰিবলৈ৷ হিমালয়সম প্রতিভাৰ অধিকাৰী ড0 হাজৰিকাৰ উত্তৰণত ঈর্ষান্বিত হৈ এটা দুষ্ট চক্রই হাজৰিকাৰ ডক্টৰেট ডিগ্রীটো ভুৱা বুলি অপপ্রচাৰ আৰম্ভ কৰিলে৷ এনে অপপ্রচাৰ আৰু সমালোচনাৰ বাবেই ভূপেন হাজৰিকাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাকৰিটো বাদ দি কলিকতালৈ যোৱাৰ ব্যৱস্থা কৰিলে৷
বহু যাযাবৰ লক্ষ্য বিহীন মোৰ পিচে আছে পণ...
1955 চনত ভূপেন হাজৰিকাৰ বিৰুদ্ধে উঠিপৰি লগা চক্রটো অধিক সক্রিয় হৈ পৰিছিল৷ এই চক্রটোৰ উচটনিতে শ্রেণীৰ পাঠদানত অনুপস্থিত থকাৰ অভিযোগত বিশ্ববিদ্যালয় কর্তৃপক্ষই ভূপেন হাজৰিকাৰ তিনিদিনৰ দৰমহা কর্তন কৰে৷ এই কথাতে অপমানিত হৈ সুধাকণ্ঠগৰাকীয়ে বিশ্ববিদ্যালয়ৰ চাকৰি ইস্তাফা দি কলিকতা অভিমুখে যাত্রা আৰম্ভ কৰে৷ এই যাত্রা যেন আছিল তেওঁৰ যাযাবৰী জীৱনৰ স্মৰণীয় যাত্রা৷ কলিকতাত উপস্থিত হৈ ভূপেন হাজৰিকা মুখামুখি হৈছিল জীৱনৰ নির্মম বাস্তৱৰ সৈতে৷ দুবেলা দুসাঁজ ভাত আৰু শুবলৈ এখন বিছনাৰ বাবেও তেওঁ সেইসময়ত যথেষ্ট সংগ্রাম কৰিবলগীয়া হৈছিল৷ সেই সময়ছোৱাতে তেওঁ বঙালী আৰু অসমীয়াৰ ভাষাৰ কেইখনমান ছবিত সংগীত পৰিচালনা কৰি কেইটামান ধন অর্জন কৰিছিল৷ ইয়াৰে মাজতে তেওঁ বিজ্ঞানী মেঘনাথ শ্বাহাৰ নেতৃত্বত ছোভিয়েট ৰাছিয়ালৈ যোৱা ভাৰতীয় সাংস্কৃতিক সংস্থাৰ সদস্য হিচাবে ছোভিয়েট ৰাছিয়া ভ্রমণৰ সুযোগ লাভ কৰিছিল৷ এনে সংঘর্ষময় সময়ছোৱাৰ পিচত অৱশ্যে ভূপেন হাজৰিকাই আৰু পিচলৈ ঘূৰি চাবলগীয়া হোৱা নাছিল৷ 1956 চনৰ মাজভাগত বোম্বেত অনুষ্ঠিত বিশ্বনাট্য সন্মিলনত তেওঁ নিমন্ত্রিত প্রতিনিধি হিচাবে শিশু নাট্য আৰু তাৰ শিক্ষাপ্রদ গুণাগুণশীর্ষক আলোচনাচক্রত মনোগ্রাহী বক্তৃতা প্রদান কৰিছিল৷ সেই চনৰে 30 নৱেম্বৰত ভূপেন হাজৰিকাই প্রযোজনা, পৰিচালনা আৰু সংগীত পৰিচালনা কৰা জীৱনৰ প্রথমখন ছবি এৰাবাটৰ সুৰ গুৱাহাটীৰ কেলভিন, নগাঁৱৰ এলফিলষ্টন আৰু শিৱসাগৰৰ শ্রীলক্ষ্মী ছবিঘৰত একেসময়েত মুক্তি লাভ কৰে৷
প্রথম প্রহৰ ৰাত্রি ফুলি আছে চম্পা, উঠা সখি শকুন্তলা বান্ধি লোৱা খোপা...
জীৱনৰ প্রথম ছবি এৰাবাটৰ সুৰৰ বিপুল জনপ্রিয়তাৰ পিচত ড0 হাজৰিকাই পৌৰাণিক কাহিনীৰ আধাৰত নির্মাণ কৰা শকুন্তলাছবিখনৰ বাবে লাভ কৰে ৰাষ্ট্রপতিৰ ৰূপৰ পদক৷ ইয়াৰ মাজতে ড0হাজৰিকা জড়িত হৈ পৰে আমাৰ প্রতিনিধিআৰু শিল্পীৰ পৃথিৱীনামৰ আলোচনী দুখনৰ সৈতে৷
আশা কৰোঁ মোৰ চিতাৰ কাষত তোমাৰ সঁহাৰি পাম...
কলম্বিয়া বিশ্ববিদ্যালয়ত গৱেষণাৰ বাবে যোৱা ভূপেন হাজৰিকাৰ বহুমুখী প্রতিভা আৰু ব্যক্তিত্বৰ প্রতি আকৃষ্ট হৈ গুজৰাটী মূলৰ আফ্রিকাৰ যুৱতী প্রিয়ম্বদা পেটেল তেওঁৰ প্রেমত পৰে৷ ইয়াৰ পৰিণতিতেই তেওঁলোকৰ বিবাহ হৈছিল যদিও পল ৰবছনৰ সান্নিধ্যত সংগীতক সমাজ সংস্কাৰৰ বাবে ব্যৱহাৰ কৰিবলৈ ভূপেন হাজৰিকা উত্রাৱল হৈ পৰিছিল৷ ডক্টৰেট ডিগ্রী লাভ কৰাৰ পাচতেই তেওঁ স্বদেশলৈ ঘূৰি আহি গণনাট্য সংঘৰ জৰিয়তে দেশ সেৱা কৰাৰ সিদ্ধান্ত গ্রহণ কৰে৷ আনহাতে প্রিয়ম্বদাৰ পৰিয়ালে অসমলৈ অহাটো বিচৰা নাছিল৷ ইয়াৰ পৰিণতিতেই 1963 চনত ভূপেন হাজৰিকা আৰু প্রিয়ম হাজৰিকাৰ মাজত বিবাহ বিচেছদ হয়৷ পৰৱর্তী সময়ত কল্পনা লাজমীৰ মধ্যস্থতাত দুয়োৰে মাজত পুনৰ সৌহাদ্যপূর্ণ সম্বন্ধ গঢ়ি উঠে৷
ৰাইজ আজি ভাৱৰীয়া, দেশেই নাটঘৰ ...
শৈশৱতে বিষ্ণু ৰাভাৰ সান্নিধ্য লাভ কৰা ভূপেন হাজৰিকাৰ মনটোৱে দেশৰ সর্বহাৰা, নিষ্পেষিত জনগণৰ বাবে সদায়েই হাহাকাৰ কৰি আছিল৷ তেওঁৰ এই মনটোক অধিক জনমুখী কৰিছিল গণশিল্পী পল ৰবছনৰ সান্নিধ্যই৷ এবাৰ এখন গীটাৰ দেখুৱাই পল ৰবছনে ভূপেন হাজৰিকাক সুধিছিল – “এইখন কি?” ভূপেন হাজৰিকাই উত্তৰ দিছিল যে সেইখন এখন গীটাৰ৷ তেতিয়া পল ৰবছনে ব্যাখ্যা কৰিছিল যে সেইখন এখন নামমাত্র গীটাৰ নহয়৷ ই হৈছে সমাজ সংস্কাৰৰ এক আমোঘ অস্ত্র৷ সেই তেতিয়াৰ পৰাই গীতৰ জৰিয়তে সমাজ সংস্কাৰৰ নীতি গ্রহণ কৰিছিল ড0 ভূপেন হাজৰিকাই৷ ইয়াৰ লগে লগে সমাজ সংস্কাৰৰ বাবে তেওঁ সক্রিয় ৰাজনীতিলৈ আহে 1967 চনত৷ সেই বছৰত নাওবৈচা সমষ্টিৰ পৰা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰি তেওঁ অসম বিধানসভালৈ নির্বাচিত হয়৷ 2004 চনত তেওঁ গুৱাহাটী লোকসভা সমষ্টিত প্রতিদ্বন্দ্বিতা কৰি পৰাজয় বৰণ কৰে৷
কল্পনাৰ সান্নিধ্যত
1973 চনত কল্পনা লাজমীৰ সৈতে গণশিল্পী ড0 ভূপেন হাজৰিকাৰ প্রথম চিনাকি হয়৷ হাজৰিকাৰ ব্যক্তিত্বত কল্পনা মোহিত হৈ পৰে৷ হাজৰিকাই প্রথম লগ পোৱাৰ সময়ত কল্পনাৰ বয়স আছিল মাত্র 17 বছৰ৷ দিন বাগৰি যোৱাৰ লগে লগে কল্পনা লাজমী ভূপেন হাজৰিকাৰ অতি ঘনিষ্ঠ হৈ পৰে আৰু বিগত বহু বছৰ ধৰি সমাজৰ সকলো বান্ধোন ছিঙি কল্পনা আৰু ড0 হাজৰিকা একেলগে থাকিবলৈ লয়৷ কল্পনা লাজমীৰ প্রেৰণাতে ভূপেন হাজৰিকাই তেওঁৰ বহু নতুন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল৷ কল্পনা লাজমীয়ে ভূপেন হাজৰিকাৰ ব্যক্তিগত সুখ-দুখৰো তদাৰক কৰিছিল৷
তোৰ সুৰ, তোৰ কণ্ঠ অজস্র শ্রোতাৰেই স্নেহত ৰব...
1977 চনৰ 16 অক্টোবৰত ভূপেন হাজৰিকাৰ ভাতৃ তথা অসমৰ সংগীত জগতৰ অবিসম্বাদী তাৰকা জয়ন্ত হাজৰিকাই আকস্মিকভাৱে মৃত্যুক সাবটি লয়৷ গীত ৰেকর্ডিঙৰ বাবে কলিকতালৈ যোৱা জয়ন্ত হাজৰিকাৰ খাদ্যত বিষক্রিয়া ঘটি মৃত্যু হৈছিল৷
চিৰ চেনেহী মোৰ ভাষা জননী...
0 ভূপেন হাজৰিকা 1993 চনত অসম সাহিত্য সভাৰ সভাপতি পদৰ দৰে উচচ পদবীত অধিষ্ঠিত হয়৷ সাহিত্য সভাৰ সভাপতি হিচাবে ড0 হাজৰিকাই পাহাৰ ভৈয়ামৰ লোকসকলৰ মাজত ঐক্যৰ এনাজৰীডাল টনকিয়াল কৰিবলৈ যৎপৰোণাস্তি চেষ্টা কৰিছিল৷
মোৰ গীতৰ হেজাৰ শ্রোতা...
মোৰ গীতৰ হেজাৰ শ্রোতা তোমাক নমস্কাৰ, গীতৰ সভাত তুমিয়েইতো প্রধান অলংকাৰ৷ ঠিকেই, ভূপেনদাৰ বাবে শ্রোতাই আছিল ভগৱানস্বৰূপ৷ গীতৰ মাজেৰে শ্রোতাক মানসিক প্রশান্তি দিয়াটোৱেই যেন ভূপেনদাৰ লক্ষ্য আছিল৷ ভূপেনদাৰ গীতসমূহ বিভিন্ন সময়ত বিভিন্ন স্থানত বাণীবদ্ধ হৈছিল৷ গুৱাহাটী অনাতাঁৰ কেন্দ্রৰ পৰা দুর্ভাগ্যজনকভাৱে ভূপেনদাৰ বহু গীতেই আর্কাইভৰ পৰা এটা সময়ত মোচ খাই গৈছিল৷ সেই ৰহস্য আজিও ৰহস্য হৈয়েই থাকিল৷ যি কি নহওঁক 2005 চনত এটা ভাল খবৰে দেশবাসীক কিছু আশাৰ বতৰা দিলে৷ 2005 চনতে ভূপেন হাজৰিকাৰ 100 টা গীত পুনৰ বাণীবদ্ধ কৰা হয়৷ ভূপেনদাৰ হেজাৰজন শ্রোতাৰ বাবে এই 100 টা গীত সদায়েই চিৰসেউজীয়া গীত হৈ ৰব৷
পিন্ধিলো কতনা ফুলৰ মালা...
1977 চনতেই তেওঁ ভাৰত চৰকাৰৰ পদ্মশ্রী সন্মান লাভ কৰে৷ 1978 চনত আমি এক যাযাবৰশীর্ষক বাংলা ভাষাত গোৱা গীতৰ ৰেকর্ডখনৰ অভিলেখসংখ্যক বিক্রীৰ বাবে গ্রামফোন কোম্পেনী অৱ ইণ্ডিয়াৰ তৰফৰ পৰা গোল্ডেন ডিস্কসন্মান লাভ কৰে৷ 1978 চনত জীৱনজোৰা কৃতিত্বৰ বাবে তেওঁক অসম চৰকাৰৰ তৰফৰ পৰা শংকৰদেৱ বঁটা প্রদান কৰা হয়৷ সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে সংগীত নাটক অকাডেমীয়ে তেওঁক এইবছৰতেই স্বীকৃতি প্রদান কৰে৷ 1992 বর্ষত তেওঁ ভাৰতীয় চলচিচত্র জগতৰ সবোর্চচ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰে৷ 1998 চনত ড0 ভূপেন হাজৰিকা সংগীত নাটক অকাডেমীৰ অধ্যক্ষ মনোনীত হয়৷ তেওঁৰ প্রচেষ্টাতেই সত্রীয়া নৃত্যই ৰাষ্ট্রীয় স্বীকৃতি লাভ কৰিবলৈ সক্ষম হয় 2000 চনত৷ গীতেৰে কথাৰেই ভূপেন হাজৰিকাই শংকৰী কৃষ্টিক মানুহৰ মাজত প্রচাৰ আৰু সজীৱ কৰি ৰাখিবলৈ অহৰহ চেষ্টা চলাই গৈছিল৷ 2001 চনত ভাৰত চৰকাৰে তেওঁক পদ্মভূষণ সন্মান, মধ্যপ্রদেশ চৰকাৰে লতা মংগেশকাৰ বঁটা প্রদান কৰাৰ লগতে তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্রী আৰু 2009 চনত অসম চৰকাৰে পোনপ্রথমবাৰৰ বাবে প্রৱর্তন কৰা অসমৰত্নবঁটাৰে ড0 ভূপেন হাজৰিকাক সন্মানিত কৰা হয়৷ কেৱল সেয়াই নহয় 2009 চনত সদৌ অসম ছাত্র সন্থাই ভূপেন হাজৰিকাৰ জীৱন কালতে গুৱাহাটী দীঘলীপুখুৰীৰ পাৰত সাজি উলিয়াই তেওঁৰেই প্রতিমূর্তি৷ সেই প্রতিমূর্তি উন্মোচন কৰে ড0 ভূপেন হাজৰিকাই নিজেই৷ এনেদৰেই হাজাৰজন শ্রোতাৰ পৰা মৰম তথা আশীষ বুটলি ড0 হাজৰিকাই সুন্দৰৰ সেন্দুৰী পথেৰে আগুৱাই গৈ থাকিল আৰু শ্রোতাৰ হিয়াত চিৰদিনৰ বাবে খোদিত হৈ ৰল৷
মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম ...
2011 চনৰ 5 নৱেম্বৰৰ বিয়লি 4.37 বজাত সুদীর্ঘ দিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত সুধাকণ্ঠই চিৰদিনৰ বাবে চকু মুদে৷ সুধাকণ্ঠৰ নশ্বৰদেহ অসম আহি পোৱাৰ পিচতে সমগ্র ৰাজ্যতে শোকৰ বন্যা বয়৷ এক অভূতপূর্ব নজিৰ সৃষ্টি কৰি ৰাজ্যত পালন হয় স্বতঃস্ফূর্ত বন্ধ৷ দুদিন ধৰি জজফিল্ডত ৰাষ্ট্রীয় মর্যাদাৰে ৰখা ড0 ভূপেন হাজৰিকাৰ নশ্বৰদেহ অন্তিম বাৰৰ বাবে দর্শন কৰাৰ উদ্দেশ্যৰে লাখ লাখ মানুহৰ সমাগম ঘটে৷ 9 নৱেম্বৰৰ দিনা গণশিল্পীগৰাকীয়ে লুইতৰ দুয়োপাৰ জিলিকাই তোলাৰ সপোন দেখা গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদতেই ড0 হাজৰিকাৰ নশ্বৰদেহ সৎকাৰ কৰা হয়৷ লগে লগে পঞ্চভূতত বিলীন হৈ যায় সুন্দৰৰ পূজাৰী আমাৰ মৰমৰ ভূপেনদা৷ বিদায় ভূপেনদা, বিদায়...

সুধাকণ্ঠৰ অন্তিম ইচছা
গান আমাৰ অস্ত্র, জ্ঞান আমাৰ জীৱিকা, গান আমাৰ জীৱন৷ গান (song)ৰ দ্বাৰা সমাজ পৰিৱর্তন কৰিব পাৰি আৰু গান (Gun)ৰ দ্বাৰাও সমাজ পৰিৱর্তন কৰিব পাৰি৷ কিন্তু গান (Gun)ৰ দ্বাৰা হোৱা সমাজ পৰিৱর্তন বোধহয় বেছি স্থায়ী নহয়৷ মোক যদি কোনোবাই প্রগতিৰ কথা শিকাবলৈ আহে, ৰাজনীতিৰ কথা শিকাবলৈ আহে, মোৰ হাঁহি উঠে৷ চাক্ষুস অভিজ্ঞতাৰ ভিত্তিত কব পাৰো যে পৃথিৱীৰ কোনো দেশে ৰাজনীতিৰ জৰিয়তে স্বর্গ গঢ়িব পৰা নাই৷ ৰাজনৈতিক ঢৌ আহে আৰু যায়৷ কিন্তু বুনিয়াদৰ ভেটি সংস্কৃতিৰ মাজতহে অন্তর্নিহিত হৈ থাকে৷ মই মানুহৰ বাবে গাই যাম৷ মোৰ জীৱন দর্শন লুকাই আছে সাগৰ সংগমগানটিৰ মাজত৷ মোৰ মৃতদেহ যেতিয়া শ্মশানলৈ নিয়া হব তেতিয়া যদি সাগৰ সংগম গানটি গোৱা যায় তেনেহলে মোৰ আত্মাই সর্বাংগীনভাৱে তৃপ্তি লাভ কৰিব৷ ” - ভূপেন হাজৰিকা
(1987 চনৰ জুলাই সংখ্যাৰ প্রসাদআলোচনীৰ বর্ষপূতি বিশেষ সংখ্যাত নিজেৰ কথাশিৰোনামাৰে প্রকাশিত ড0 ভূপেন হাজৰিকাৰ সাক্ষাৎকাৰৰ হুবহু অসমীয়া অনুবাদ)